যোৱা ২৫ জানুৱাৰীৰ নিশা আমাৰ কেন্দ্ৰৰ দৃষ্টিপাতত প্ৰচাৰিত এই বছৰৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সংক্রান্তীয় বিশেষ আলোচনাৰ অনুষ্ঠানটো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা কাইলৈ দিনৰ ১১ বজাত পুনৰ প্ৰচাৰৰ দিহা কৰা হৈছে। শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মনত উদ্ৰেক হোৱা ভালেমান বিষয় সন্দৰ্ভত এই অনুষ্ঠানত মনোজ্ঞ আলোচনা প্ৰচাৰিত হৈছিল। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰা এই অনুষ্ঠানটোত ভাগ লৈছিল ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ মণ্ডল ১-ৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মা আৰু মণ্ডল ২-ৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে। এই অনুষ্ঠান মিডিয়াম ৱেভৰ ৫২৯.১ মিটাৰ অৰ্থাৎ ৫৬৭ কিলোহার্টজ আৰু এফ এম বেণ্ডৰ ১০১.৩ মেগাহার্টজত শুনিবলৈ পাব। ৪৩ মিনিটৰ এই অনুষ্ঠান নিউজ অন এয়াৰ এপতো শ্ৰোতাসকলে শুনিবলৈ পাব।