ডাউনলোড
মোবাইল এপ

android apple
signal

May 29, 2025 12:53 PM | Dristripaat

printer

পৰহিলৈ নিশা দৃষ্টিপাতত সেনাবাহিনীত কর্মসংস্থাপনৰ সুবিধা শীৰ্ষক বিশেষ আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পৰহিলৈ নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কর্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠান প্রচাব কৰিব। এই অনুষ্ঠানত নৌ- বাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডব কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন সিন্দূৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথাও প্রকাশ কৰিব। এই অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ ১০১ দশমিক ৬ মেগাহার্টজ, অল ইণ্ডিয়া ৰেডিঅএপৰ লগতে ফেচবুক পেজ AIRNEWSGHY.RNU ত আৰু ইউটিউব চেনেল @AIRNEWSGUWAHATI ত লাইভ স্ট্রিমিঙতো শুনিবলৈ পাব।

অধিক পঢ়ক

সকলো চাওক