ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 22, 2025 11:51 AM | Dristripaat

printer

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি পৰিবেশ প্ৰদূষণ – নতুন ভাবুকি শীর্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত পৰিবেশ প্ৰদূষণ – নতুন ভাবুকি শীর্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিবেশিকা অৰুণিমা গোস্বামীয়ে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত মেডিচিন বিভাগৰ বিশিষ্টা চিকিৎসক ডাঃ ৰুণজুন টেৰণপী আৰু পৰিবেশ কর্মী মুবিনা আখতাৰে সমল ব্যক্তিৰূপে অংশগ্রহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্রোতাসকলে ০৩৬১–২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল’ব পাৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফেচবুক পেজ airnewsghy আৰু Youtube Channel airnewsGuwahati-যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব ।