সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভকৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বর্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিবেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আনিছ উজ জামান, অধিবক্তা তথা সমাজকর্মী কৈলাশ চন্দ্র শর্মা আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই অংশগ্রহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্রযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্ববী ৰাজীৱ লোচন বৰঠাকুৰৰ।
Site Admin | November 22, 2025 7:17 PM | Dristripaat
দৃষ্টিপাতত আজি প্রতিযোগিতামূলক পৰীক্ষাত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীৰ অন্তৰায় সন্দৰ্ভত আলোচনা