ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 24, 2025 12:30 PM | Dristripaat

printer

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানতৰ কাইলৈ বিষয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ

১৯৮৫ চনৰ ২৪ মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পুৰণি প্রসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅলৈ। এয়াই আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ পূর্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগ।

কাইলৈ নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানৰো বিষয় এই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ইয়াত লগ পাব বাতৰি বিভাগৰ জন্ম লগ্নৰ পৰা জড়িত কেইগৰাকীমান বিষয়া কৰ্মচাৰী আৰু পৰিৱেশকক। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণীৰ বাতৰি বিভাগৰ মুৰবৰী ৰাজীৱ লোচন বৰঠাকুৰৰ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।