September 27, 2025 7:46 PM | Dristripaat

printer

আকাশবাণীত আজি জি এছ টিৰ দৰ হ্ৰাসৰ ফলত গ্ৰাহকসকল কেনেধৰণে উপকৃত হ’ব সেই বিষয়ে এটা ক্ষেত্রভিত্তিক বিশ্লেষণ প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত জি এছ টিৰ দৰ হ্ৰাসৰ ফলত গ্ৰাহকসকল কেনেধৰণে উপকৃত হ’ব সেই বিষয়ে এটা ক্ষেত্রভিত্তিক বিশ্লেষণ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ঔষধ আৰু ঔষধজাতীয় সামগ্ৰী, নিত্য ব্যৱহাৰ্য সামগ্ৰী, দুচকীয়া বাহন আৰু গাড়ীৰ ক্ষেত্ৰত মূল্যৰ পৰিৱৰ্তন সম্পৰ্কত সংশ্লিষ্ট বিক্ৰেতা আৰু সংশ্লিষ্ট বিক্রেতা সংস্থাসমূহৰ বক্তব্য শুনিবলৈ পাব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।