September 19, 2025 12:48 PM

printer

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণীত কাইলৈ বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বি টি চিৰ ভোটগ্রহণ কেন্দ্ৰ থকা বিশ্বনাথ জিলাৰ সংবাদদাতাগৰাকীয়েও অংশগ্রহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই আলোচনাত সাংবাদিক অৰূপ শান্দিল্যইও ষ্টুডিঅৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচনাত ভাগ লব।