সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ড° ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ’ব। বিশিষ্ট গীতিকাৰ ড° দিনেশ বৈশ্য, বিশিষ্ট নিৱন্ধকাৰ ড° পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই ভাগ ল’বলগীয়া এই আলোচনাৰ অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ ।
Site Admin | September 2, 2025 7:23 PM | Dristripaat
৬ ছেপ্তেম্বৰত আকাশবাণীৰ দৃষ্টিপাতত ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি বিশেষ অনুষ্ঠান প্ৰচাৰ
