ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 14, 2025 7:52 PM | Dristripaat

printer

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি ড° সংগীতা শ‍ইকীয়া আৰু ফেন্সী চুতিয়াৰ সৈতে কথোপকথন

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হবলগীয়া দৃষ্টিপাত অনুষ্ঠানত আজি শুনিবলৈ পাব অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ পাছত এই বিষয়ৰ প্ৰথমখন গৱেষণা পত্ৰৰ প্ৰকাশৰ তত্বাৱধায়ক অধ্যাপক, বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ড° সংগীতা শ‍ইকীয়া আৰু গৱেষিকা ফেন্সী চুতিয়াৰ সৈতে কথোপকথন ।

কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত তৈল প্ৰতিষ্ঠানৰ পৰা গেছ নির্গমনজনিত দুর্ঘটনা সন্দৰ্ভত তথ্য চিত্র নির্মাতা জয়চেং জয়দহোতিয়া আৰু আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীৰ প্ৰতিবেদনৰ আধাৰত যুগুতোৱা অনুষ্ঠান শুনিবলৈ পাব। এই দুয়োটা অনুষ্ঠানত প্ৰযোজনা, পৰিচালনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰবৰী ৰাজীৱ লোচন বৰঠাকুৰৰ ৷