নতুন দিল্লীত প্ৰতিৰক্ষা, গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত প্ৰযুক্তি পৰিষদৰ অষ্টমখন বৈঠক সম্পন্ন

নতুন দিল্লীত কালি প্ৰতিৰক্ষা, গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত প্ৰযুক্তি পৰিষদৰ অষ্টমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, আৰক্ষী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীত প্ৰতিৰক্ষা, গৱেষণা আৰু বিকাশ সংস্থাৰ প্ৰযুক্তিৰ অন্তৰ্ভুক্তি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিৰক্ষা, গৱেষণা আৰু বিকাশ সংস্থাৰ পৰীক্ষাগাৰৰ বিষয়ববীয়াসকলে ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সংস্থাই উদ্ভাৱন কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।