পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ অঞ্চলসমূহৰ আন্তঃগাঁথনি সম্পৰ্কীয় অন্যান্য দিশ সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ আলোচনা

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা তথা পৰিষদৰ অধ্যক্ষ মহেৎ হোজাইকে ধৰি কেইবাগৰাকীও বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰিষদৰ অধীনৰ অঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি শৈক্ষিক পৰিৱেশ আৰু এই সম্পৰ্কীয় অন্যান্য দিশ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ অঞ্চলসমূহত শৈক্ষিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।