ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশিষ্ট চিন্তাবিদ ড° হীৰেণ গোহাঁইক পৰাগ কুমাৰ দাস সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান

গুৱাহাটীত আজি আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ড° হীৰেণ গোহাঁইক পৰাগ কুমাৰ দাস সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাসৰ মৃত্যু বার্ষিকী উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত ড° গোহাঁইক এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত প্রবীণ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য, গল্পকাৰ অপূৰ্ব কুমাৰ শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত মনোৰম গগৈয়ে পৰাগ কুমাৰ দাসৰ জীৱন সন্দৰ্ভত আলোকপাত কৰে।