ডাউনলোড
মোবাইল এপ

android apple
signal

March 17, 2025 5:36 PM | PM INTERVIEW

printer

প্ৰধানমন্ত্ৰীৰ সৈতে এগৰাকী জনপ্রিয় প’ডকাষ্টাৰৰ মত বিনিময়ৰ অনুষ্ঠান সামাজিক মাধ্যমত প্ৰচাৰ ড’নাল্ড ট্রাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দেশখনৰ এগৰাকী জনপ্রিয় প’ডকাষ্টাৰৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়ৰ এটা অনুষ্ঠান সামাজিক মাধ্যমৰ নিজস্ব মঞ্চৰ জৰিয়তে প্ৰচাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় প’ডকাষ্টাৰ আৰু কম্পিউটাৰ বিজ্ঞানী লেক্স ফ্রিডমেনৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানটোত প্রধানমন্ত্রী মোদীয়ে প্ৰকাশ কৰা মন্তব্যক মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ট্রুথ ছ’চিয়েল শীর্ষক মঞ্চত স্থান দিছে। এই সাক্ষাতকাৰৰ সময়ত শ্রীমোদীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ উদ্যমী মনোভাৱ তথা আমেৰিকাৰ প্ৰতি থকা নিষ্ঠাৰ শলাগ লৈ ট্ৰাম্পৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিছিল। নিজৰ প্ৰথমটো কাৰ্যকালৰ তুলনাত ডনাল্ড ট্রাম্প এইবাৰ অধিক প্রস্তুতিৰে সৈতে ৰাষ্ট্ৰপতিৰ আসনত উপবিষ্ট হোৱা বুলিও তেওঁ মত প্ৰকাশ কৰিছিল। ৩ ঘণ্টাৰো অধিক সময়জোৰা এই শ্রীমোদীৰ এই প’ডকাষ্টত ভালেমান বিষয়ে স্থান লাভ কৰিছিল প’ডকাষ্টাৰগৰাকীক দিয়া সাক্ষাতকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পাকিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক গঢ়িবলৈ কৰা প্ৰতিটো প্ৰচেষ্টাত ভাৰত শত্ৰুতা আৰু বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছে। তেওঁ কয়, যে দুয়োখন দেশে নতুন পথ বিচাৰি পোৱাৰ আশাতেই ২০১৪ চনত পাকিস্তানৰ তৎকালীন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফক তেওঁৰ শপত গ্রহণ অনুষ্ঠানৰ বাবে বিশেষভাৱে আমন্ত্রণ জনোৱা হৈছিল। সন্ত্ৰাসবাদক লালন-পালন কৰাত পাকিস্তানৰ দীৰ্ঘদিনীয়া ভূমিকাক কটাক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদৰ শিপা ক’ত সেই বিষয়ে বিশ্বৰ আৰু সন্দেহ নাই। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জোৰ দি কয় যে ভাৰত নিৰপেক্ষ নহয় বৰঞ্চ শান্তিৰ প্ৰতি দৃঢ় প্রতিজ্ঞাবদ্ধ। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে যেতিয়াই শান্তিৰ কথা কয় তেতিয়াই সমগ্র বিশ্বই শুনি থাকে কাৰণ ভাৰত হৈছে গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ দেশ। প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতীয়সকলে সমন্বয়ক সমৰ্থন কৰে আৰু শান্তিৰ পক্ষ গ্ৰহণ কৰে।

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে দুয়োখন ৰাষ্ট্ৰ আলোচনাৰ মেজলৈ আহিলেহে সংঘাতৰ সমাধান ওলাব। তেওঁ লগতে কয়, যে বর্তমানৰ পৰিস্থিতিয়ে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত অৰ্থপূৰ্ণ আলোচনাৰ সুযোগ প্ৰদান কৰিছে। ভাৰত-চীনৰ সম্পৰ্ক সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দুয়োখন দেশৰে প্ৰাচীন সংস্কৃতি আৰু সভ্যতা আছে আৰু দেশ দুখনৰ সম্পর্ক নতুন নহয়। তেওঁ কয়, যে কোনোবা নহয় কোনোবা প্ৰকাৰে ভাৰত আৰু চীনে মিলি বিশ্বৰ মংগলৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। তেওঁ লগতে কয় যে পূৰ্বৰ শতিকাবোৰত ভাৰত আৰু চীনৰ মাজত সংঘাতৰ ইতিহাস নাই। ভৱিষ্যতেও ভাৰত আৰু চীনৰ মাজত সুদৃঢ় সম্পর্ক অব্যাহত থাকিব লাগে বুলি তেঁও মন্তব্য আগবঢ়ায়। কৃত্রিম বুদ্ধিমত্তাৰ সন্দৰ্ভত তেওঁ কয়, যে এই ক্ষেত্ৰখনত বিশ্ব যিমানেই আগবাঢ়ি নাযাওক কিয়, ভাৰত অবিহনে ই অসম্পূৰ্ণ হৈয়েই ৰ’ব। ভাৰতে কৃত্রিম বুদ্ধিমত্তাৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছে বুলিও তেওঁ মত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক