ভাৰতত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি দেশখনৰ ৰাষ্ট্ৰপতি ড‘নাল্ড ট্রাম্পৰ শলাগ যাচিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতক পৃথিৱীৰ অন্যতম পুৰণি সভ্যতা বুলি কোৱাৰ বিষয়ে সামাজিক মাধ্যমৰ এটা প‘ষ্টত দূতাবাসে প্রকাশ কৰে। শ্রীট্রাম্পে ভাৰতক এখন বিস্ময়কৰ দেশ আৰু ভাৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে গুৰুত্বপূর্ণ কৌশলগত অংশীদাৰৰূপে অভিহিত কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাল বন্ধু বুলিও প্রকাশ কৰে।
Site Admin | December 17, 2025 11:56 AM | India & PM
ভাৰতবৰ্ষ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি শলাগ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ