ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 7, 2025 1:25 PM | Donald Trump

printer

ভাৰতৰ বিমান আক্রমণ চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ডোনাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিৱিৰত ভাৰতে বিমান আক্রমণ চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শ্ৰীট্টাম্পে কয়, যে জনসাধাৰণে কিবা এটা বিশেষ হ’বলৈ গৈ আছে বুলি পূৰ্বেই অনুমান কৰিছিল। দুয়োখন দেশৰ মাজৰ এই চিন্তাজনক পৰিস্থিতি সোনকালে অৱসান ঘটিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে।

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশসমূহৰ সচিব মার্কো ৰুবিয়ই কয়, যে তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত সচিবগৰাকীয়ে কয়, যে মার্কিন ৰাষ্ট্ৰপতিয়ে ভাৰত আৰু পাকিস্তানৰ নেতাৰ মাজত শান্তিপূর্ণ সমাধানক লৈ আলোচনাৰ বাবে চেষ্টা কৰি যাব।