April 7, 2025 8:06 PM | Donal trump

printer

বিশ্বজুৰি ষ্টক বজাৰসমূহৰ সূচাংক অভাৱনীয়ভাৱে নিম্নগামী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ প্ৰতি – শুল্ক আৰোপৰ সিদ্ধান্ত আৰু ৰাষ্ট্ৰসমূহে বৃহৎ পৰিমাণৰ শুল্ক ভৰিব লাগিব বুলি ট্রাম্পে আজি কৰা ঘোষণাৰ ফলত বিশ্বজুৰি ষ্টক বজাৰসমূহৰ সূচাংক অভাৱনীয়ভাৱে তললৈ নামে। ইউৰোপ আৰু এছিয়াৰ ষ্টক বজাৰৰ এই মণ্ডাৱস্থাৰ প্ৰভাৱ ভাৰতীয় বজাৰতো বাৰুকৈ পৰে। বম্বে ষ্টক এক্সছেঞ্জৰ সংবেদী সূচাংক এটা সময়ত ৪ হাজাৰ পইণ্ট নিম্নগামী হয় আৰু ষ্টক বজাৰ বন্ধ হোৱাৰ সময়ত এই সূচাংক দুহেজাৰ ২২৭ পইণ্ট নিম্নগামী হৈ থাকে। ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ নিফটীও ৫০ পইণ্ট নিম্নগামী হয়। দেশৰ বৃহৎ কোম্পানীসমূহৰ ভিতৰত টাটা ষ্টীলৰ ষ্টক মূল্য ৭.৭ শতাংশ, লাৰ্ছন এণ্ড টুৰব’ৰ ষ্টক মূল্য ৫.৭ শতাংশ আৰু টাটা মটৰ্ছৰ ষ্টক মূল্য ৫. ৫ শতাংশ হ্রাস পায়। আন্তর্জাতিক বজাৰত আজি খাৰুৱা তেলৰ মূল্য তিনি শতাংশ হ্ৰাস পাই আৰু ২০২১ চনৰ পাছত এয়ে হৈছে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ সৰ্বনিম্ন মূল্য ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।