আজি চিকিৎসক দিৱস। এই উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত চিকিৎসা সজাগতা শিবিৰ, আলোচনাচক্ৰ আদি অনুষ্ঠিত হৈছে। যোৰহাট আৰক্ষী প্ৰশাসনৰ উদ্যোগতো যোৰহাট ডক্টৰ্ছ ক্লাবৰ সহযোগত আজি চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত জীৱনশৈলীজনিত ৰোগ যেনে উচ্চ ৰক্তচাপ, মধুমেহ, উদ্বিগ্নতা আদিৰ প্ৰতি সজাগতা আনিবলৈ চেষ্টা চলোৱাৰ লগতে আৰক্ষীসকলৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষাও কৰা হয়। যোৰহাটৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ লগতে আৰক্ষী প্ৰশাসনে চিকিৎসকসকলক এই দিৱস উপলক্ষে শুভকামনা জনায় আৰু তেওঁলোকৰ কৰ্মৰাজিক প্ৰশংসা কৰে।
Assamese | July 1, 2024 8:53 PM | doctors day jorhat
চিকিৎসক দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত চিকিৎসা সজাগতা শিবিৰ, আলোচনাচক্ৰ