নৱবৰ্ষৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰবাবে জিলা প্ৰশাসনসমূহে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নৱবৰ্ষৰ লগতে বৰ্তমানৰ বনভোজৰ বতৰত সঘনে হোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তত DRINK & DRIVE অভিযান চলাই থকা হৈছে। এই অভিযানৰ অংশ হিচাপে কালি নিশা শ্ৰীভূমি জিলাৰ মোবাকপুৰ টোলগেট এলেকাত জিলা পৰিবহণ, আবকাৰী আৰু আৰক্ষীৰ উদ্যোগত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ আন আন প্ৰান্ততো এই অভিযানৰ অধীনত প্ৰশাসনে সজাগতামূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।
Site Admin | December 31, 2024 1:28 PM | district administration
নৱবৰ্ষৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহবলৈ জিলা প্ৰশাসনসমূহৰ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ
