ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত ১০খন দেশৰ ২৮ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে সভাপতি জে পি নাড্ডাৰ আলোচনা

♦ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কালি নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত ১০খন দেশৰ ২৮ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে তেওঁৰ দলৰ নিৰ্বাচনী প্ৰচাৰ কৌশল আৰু সামগ্ৰিক নিৰ্বাচনী প্রক্রিয়া সন্দৰ্ভত আলোচনাত মিলিত হয়।

Image

দলৰ ন’ বিজেপি, অর্থাৎ বিজেপিক জনা উদ্যমৰ অংশ হিচাপে এই আলোচনা অনুষ্ঠিত হৈছিল। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীনাড্ডাই এই উদ্যমৰ জৰিয়তে বিজেপিৰ কৃতিত্বসমূহৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বিজেপিয়ে আগবঢ়োৱা অৱদান আৰু ত্যাগৰ দ্বাৰা আনক অনুপ্রাণিত কৰাৰ লক্ষ্যৰ বিষয়ে উল্লেখ কৰে।

Image

আলোচনাত দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী ড° এছ জয়শংকৰ আৰু অশ্বিনী বৈষ্ণৱো উপস্থিত থাকে। আলোচনাত অষ্ট্ৰেলিয়া, ভিয়েটনাম, বাংলাদেশ, ইজৰাইল, উগাণ্ডা, তাঞ্জানিয়া, ৰাছিয়া, শ্রীলংকা, মৰিচাছ আৰু নেপালৰ ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত আছিল।

Image

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।