ডাউনলোড
মোবাইল এপ

android apple
signal

August 18, 2025 12:55 PM | dipor bill

printer

দীপৰ বিল সংৰক্ষণৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ খচৰা অধিসূচনা জাৰি

অসমৰ একমাত্ৰ ৰামছৰ ক্ষেত্ৰ দীপৰ বিল সংৰক্ষণৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে খচৰা অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি দীপৰ বিলৰ চাৰিসীমা পুনৰ নিৰ্ধাৰণ কৰাৰ লগতে চৌপাশৰ এলেকাক পৰিৱেশ স্পৰ্শকাতৰ অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে। এই অঞ্চলসমূহৰ ভিতৰত বিলখনৰ কাষৰীয়া চাৰিখন গাঁও কলিতাপাৰা, মিকিৰাপাৰা-চকৰ্দো, মাটিয়া আৰু আজাৰা অন্তৰ্ভুক্ত হৈছে। ইয়াৰ জৰিয়তে এই অঞ্চলসমূহত উদ্যোগীকৰণ, বাণিজ্যিক নিৰ্মাণ কাৰ্য আৰু অন্যান্য পৰিৱেশ ধ্বংসকাৰী কাৰ্যকলাপত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দীপৰ বিল সংৰক্ষণৰ বাবে খচৰা অধিসূচনা প্রকাশ কৰা বিষয়সমূহ নিশ্চিত কৰিবলৈ গুৱাহাটী মহানগৰৰ জিলা আয়ুক্তক অধ্যক্ষ হিচাপে লৈ এখন ১২ জনীয়া নিৰীক্ষণ সমিতি গঠন কৰা হব। উল্লেখযোগ্য যে, এই খচৰা অধিসূচনা সন্দৰ্ভত কোনো পক্ষৰ আপত্তি বা পৰামৰ্শ থাকিলে সেয়া অহা দুমাহৰ ভিতৰত পৰিৱেশ আৰু বন মন্ত্ৰালয়ক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।