November 4, 2025 6:41 PM | Dipak sharma

printer

ৰাজ্যিক মর্যাদাৰে দীপক শৰ্মাৰ অন্তেষ্টিক্রিয়া সম্পন্ন

চেন্নাইৰ এখন চিকিৎসালয়ত কালি দেহাৱসান ঘটা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ অন্তেষ্টিক্রিয়া আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। শেষকৃত্যৰ সময়ত অসম চৰকাৰৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্ত আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসে প্রয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে শিল্পীগৰাকীৰ নম্বৰদেহ আজি পুৱা বিমানেৰে অসমলৈ অনাৰ পাছত বৰঝাৰ বিমানবন্দত বাঁহী বাদকৰ দলে শিল্পীগৰাকীক বাঁহীৰ সুৰেৰে শ্রদ্ধাঞ্জলি জনায়। ইয়াৰ পাছতে তেওঁৰ নম্বৰ দেহ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসগৃহলৈ লৈ যোৱা হয়। বাসগৃহত আত্মীয়-স্বজনে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জনোৱাৰ পাছত অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত শিল্পীগৰাকীক ৰাজহুৱাভাৱে শ্রদ্ধাঞ্জলি জনোৱা হয়।

উল্লেখযোগ্য যে অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বাঁহীবাদকগৰাকী দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক চেন্নাইলৈ নিয়া হৈছিল। শেহতীয়াকৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰাৰ পাছত কালি পুৱা শিল্পীগৰাকীৰ মৃত্যু হয়। নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্রহণ কৰা শিল্পীগৰাকীয়ে কলকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনস্ট্রুমেন্টেল মিউজিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি গৱেষণাৰ কাম আৰম্ভ কৰে। কিন্তু গৱেষণাৰ কাম তেওঁ আধাতে এৰি পৰৱৰ্তী সময়ত প্রখ্যাত বাঁহীবাদক হৰিপ্ৰসাদ চৌৰাচিয়াৰ তত্বাৱধানত সংগীতৰ শিক্ষা গ্রহণ কৰে। সেই সময়তে তেওঁ কেইবাখনো হিন্দী চলচ্চিত্র সংগীতত বাঁহী বজাইছিল। পৰৱৰ্তী সময়ত দীপক শর্মাই জুবিন গাৰ্গৰ বহু জনপ্রিয় গানত বাঁহীৰ সুৰ দিছিল। কেবল এয়াই নহয় মুম্বাইত থকাৰ সময়তে তেওঁ দক্ষিণ আফ্রিকালৈ বাঁহী বাদনৰ বাবে আমন্ত্রিত হৈছিল। ইয়াৰ পিছত তেওঁ ছুইজাৰলেণ্ড, জার্মানী, পোলেণ্ড, ফ্রান্স আদিকে ধৰি ৪২ খন দেশত অনুষ্ঠান পৰিবেশন কৰিছিল।

আকাশবাণীৰ বি-হাইগ্ৰেড লাভ কৰা শিল্পীগৰাকী আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্রাপ্ত সংগীত পৰিচালকো আছিল। তেওঁ কেইবাখনো অসমীয়া চিনেমাৰ সংগীত পৰিচালনাও কৰিছিল। শিল্পীগৰাকীৰ বিয়োগত সাংস্কৃতিক সমাজৰ বহুজনে গভীৰ শোক প্ৰকাশ কৰিছে।