November 3, 2025 12:38 PM | Dipak sharma

printer

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ আজি পুৱা চেন্নাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বাঁহীবাদকগৰাকী দীর্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়া হৈছিল। শেহতীয়াকৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰাৰ পাছত আজি পুৱা ৬ বাজি ১৫ মিনিটত শিল্পীগৰাকীৰ মৃত্যু হয়।

উল্লেখযোগ্য যে নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰাৰ লগতে কলকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনষ্টমেন্টেল মিউজিক বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি সংগীতৰ জগতখনত নিমজ্জিত হৈ পৰিছিল। আকাশবাণীৰ বি-হাইগ্রেড লাভ কৰা শিল্পীগৰাকী আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্রাপ্ত সংগীত পৰিচালকো আছিল। তেওঁ কেইবাখনো অসমীয়া চিনেমাৰ সংগীত পৰিচালনাও কৰিছিল। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা শিল্পীগৰাকীৰ মৃত্যুত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে। জনপ্রিয় ইংৰাজী ছবি টাইটানিকৰ মাই হার্ট উইল গঅন গীতটো দীপক শৰ্মাৰ বাঁহীৰ মূর্ছনাত জীৱন্ত হৈ উঠিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।