ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত ২৬৭টা এন্দুৰৰ গাঁতসদৃশ কয়লা খনি আছেঃ কৌশিক ৰায়

● অসম চৰকাৰে ২০২২ বৰ্ষৰ পৰা চলিত বছৰলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অবৈধভাৱে খনন আৰু সৰবৰাহ কৰা ২৫ হাজাৰ ৬৩১ টন কয়লা জব্দ কৰিছে। বিধানসভাত কালি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত খনি আৰু খনিজাত দ্রব্য বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই বিষয়ে প্রকাশ কৰে। আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত ২৬৭টা এন্দুৰৰ গাঁতসদৃশ কয়লা খনি আছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ২০১৪ চনত এনে ধৰণৰ কয়লা খনিত খনন নিষিদ্ধ ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰে বিগত তিনি বছৰত অবৈধ খনন ৰোধ কৰিবলৈ সময়ে সময়ে ব্যৱস্থা লৈ আহিছে আৰু ইয়াৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ নেতৃত্বত এখন নিৰীক্ষণ সমিতি গঠন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। ডিমা হাছাও জিলাৰ উমৰাংছ’ত যোৱা ৬ জানুৱাৰীত এনে ধৰণৰ এটা খনিত কয়লা খননৰ সময়ত ৯জন শ্রমিকৰ মৃত্যু হৈছিল। মৃত শ্ৰমিকসকলৰ পৰিয়ালসমূহলৈ ১০ লাখকৈ টকাৰ আর্থিক সাহায্য ঘোষণা কৰা হৈছে আৰু ইয়াৰে চাৰিটা পৰিয়ালক ইতিমধ্যে ধন আদায় দিয়া হৈছে মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে।