ডিমা হাচাও জিলা প্রশাসনে যোৱা ২৯ এপ্ৰিলত হোৱা সংঘৰ্ষৰ ফলত এন এছ চি এন আই এমৰ তিনিজন সদস্যৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। কালি এখন চৰকাৰী জাননী যোগে এই কথা প্ৰকাশ কৰা হয় ৷ এই তদন্তৰ দায়িত্ব অতিৰিক্ত জিলা দণ্ডাধীশ সংগীতা দেৱীক অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে, ভাৰতীয় ন্যায় সংহিতা আৰু অস্ত্ৰ-শস্ত্ৰ আইনৰ অধীনত হাফলং থানাত ৰুজু হোৱা গোচৰৰ অধীনত ডিমা হাচাও জিলাৰ আয়ুক্তই এই তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। জাননীখনত উল্লেখ কৰা মতে এই তদন্তকালত তিনিওজন সদস্যৰ মৃত্যু আৰু সংঘৰ্ষ সম্পৰ্কীয় বিতং তথ্য-প্রমাণ সংগ্ৰহ কৰাৰ লগতে সংশ্লিষ্টসকলৰ স্বীকাৰোক্তি বাণীবদ্ধ কৰা হ’ব। জিলা প্ৰশাসনে যিকোনো ইচ্ছুক ব্যক্তি, সংস্থা নাইবা ৰাজহুৱা প্রতিষ্ঠানক এই সন্দৰ্ভত মৌখিক নাইবা লিখিত তথ্য-প্রমাণ দিব বিচাৰিলে অতিৰিক্ত জিলা দণ্ডাধীশৰ ওচৰত আজিৰে পৰা অহা ২১ মে’ পর্যন্ত হাজিৰ হ’বলৈ আহ্বান জনাইছে। দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ এই তথ্য-প্রমাণ দিয়াৰ সুবিধা আগবঢ়োৱা হৈছে।
Site Admin | May 14, 2025 11:13 AM | dima hasao nscn order
ডিমা হাছাও জিলাত ২৯ এপ্ৰিলৰ সংঘৰ্ষত NSCN(IM)ৰ ৩জন সদস্যৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ