অসম, নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তৱৰ্তী ডিমা হাচাও জিলাৰ মাহুৰ থানাৰ অন্তৰ্গত হাংক্ৰমত কালি ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণথলীত হোৱা ভূমিস্খলনত এজন লোক নিহত আৰু ৯ জন লোক আহত হয়। নিহত লোক দুজন গোৱাজেন গাম্বে নৃয়ান আৰু ফেৰন টিগা বুলি চিনাক্ত কৰা হৈছে। মঙলবাৰে নিশা হোৱা প্ৰৱল বৰষুণৰ ফলত সংঘটিত এই ভূমিস্খলনত পথৰ নির্মাণকার্যত জড়িত এই শ্রমিককেইজন হতাহত হয়। গুৰুতৰভাৱে আহত দুজন শ্রমিকক হাফলং অসামৰিক চিকিৎসালয়লৈ পঠিওৱা হৈছে।
Site Admin | July 17, 2025 1:49 PM | dima hasao landslide
ডিমা হাছাও জিলাৰ হাংক্ৰমত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণথলীত ভূমিস্খলনত এজন লোক নিহত, ৯জন আহত
