বজালীত ৫৭ লাখ টকা ব্যয়সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ‍ কুমাৰ দাসে আজি বজালী জিলাত প্রায় ৫৭ লাখ টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা ডিজিটেল পুঁথিভঁৰাল উদ্বোধন কৰাৰ লগতে মৰ্কাৰ মিলিত ৰঙালী বিহু সন্মিলনীৰ নৱনিৰ্মিত পুথিভঁৰালো উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ধৰ্মতলা গাঁৱত দুটা গ্ৰাম্য পথ উদ্বোধন কৰি সমষ্টিবাসী ৰাইজৰ বাবে উৎসৰ্গা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।