October 23, 2025 11:42 AM | Dibrugarh

printer

অহা ১২ৰ পৰা ২২ ডিচেম্বৰলৈ চৌকিদিঙী খেল পথাৰত চতুর্দশ ডিব্রুগড় গ্রন্থমেলা অনুষ্ঠিত

ডিব্ৰুগড়ৰ মিলন জ্যোতি সংঘৰ উদ্যোগত আৰু অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত অহা ১২ৰ পৰা ২২ ডিচেম্বৰলৈ চৌকিদিঙী খেল পথাৰত চতুর্দশ ডিব্রুগড় গ্রন্থমেলা অনুষ্ঠিত হব। এই গ্রন্থমেলা সুকলমে পৰিচালনাৰ বাবে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ শক্তি মন্ত্রী প্রশান্ত ফুকন, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়া, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জিতেন হাজৰিকা আৰু জিলাখনৰ আয়ুক্ত বিক্রম কৈৰীক লৈ এখন সমিতি গঠন কৰা হৈছে। ৰাজ্যৰ আগশাৰীৰ পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উপৰি কলকাতা, দিল্লী আৰু বাংগালুৰুৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে গ্রন্থমেলাত যোগদান নিশ্চিত কৰিছে।