January 5, 2026 12:58 PM | dibrugarh tea worker

printer

ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম চাহ কৰ্মচাৰী সংঘৰ ডিব্ৰুগড় শাখাৰ ৬৩সংখ্যক ত্রিবার্ষিক অধিৱেশন

অসম চাহ কৰ্মচাৰী সংঘৰ ডিব্ৰুগড় শাখাৰ ৬৩ সংখ্যক ত্রিবার্ষিক অধিৱেশন ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত হয়। ডিব্ৰুগড় শাখাৰ সভাপতি নৱকুমাৰ বৰুৱাই সংঘৰ পতাকা উত্তোলন কৰাৰ লগতে ডিব্ৰুগড় শাখাৰ সম্পাদক নবীন চন্দ্র কেওটে স্মৃতি তর্পণ কৰে। সভাত পৰৱৰ্তী কার্যকালৰ বাবে নৱকুমাৰ বৰুৱা সভাপতি, খগেন দত্ত আৰু সুদেশ নন্দক উপ-সভাপতিৰ লগতে ৰাতুল কাকতিক সম্পাদক আৰু বাসুদেৱ ভট্টাচাৰ্যক কোষাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। এই অনুষ্ঠানতে বহুকেইগৰাকী ব্যক্তিক সম্বৰ্ধনাও জ্ঞাপন কৰা হয়।