ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 9, 2025 9:01 PM | dibrugarh pijush

printer

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা ফুলবাগানৰ কাছাৰীঘাট পৰিদৰ্শন জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা ফুলবাগানৰ কাছাৰীঘাট পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। জলসম্পদ বিভাগে এই অংশটো সম্পূৰ্ণৰূপে বিপদমুক্ত কৰিবলৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰি আছে বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগটোত পর্যাপ্ত সামগ্রী মজুত আছে বুলি উল্লেখ কৰি শ্ৰীহাজৰিকাই কয়, যে ডিব্ৰুগড়ৰ প্ৰায় সকলো স্থানতে ব্ৰহ্মপুত্ৰৰ পাৰত খহনীয়া প্ৰতিৰোধৰ কাম চলি আছে। বিগত দুবছৰত ডিব্ৰুগড় চহৰৰ সুৰক্ষাৰ বাবে প্ৰায় ৩৭৫ কোটি টকা ব্যয় কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ব্ৰহ্মপুত্ৰৰ গভীৰতাৰ বাবে ইয়াৰ গতিবেগ সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰাটো সম্ভৱ নহয় যদিও ৯০ শতাংশ কাম এইক্ষেত্ৰত সফল হৈছে। ডিব্ৰুগড় নগৰৰ ফুলবাগানৰ সমীপৰ সুৰক্ষা বান্ধৰ নিচেই কাষতে হোৱা খহনীয়াৰ ফলত প্ৰায় ৪০ মিটাৰ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। শ্ৰীহাজৰিকাই এই খহনীয়াৰ স্থায়ী সমাধানৰ বাবে সকলো ব্যৱস্থা লোৱা হ’ব বুলি জনসাধাৰণক আশ্বাস দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।