ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰ্বাচনী কমিটীৰ বৈঠক

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি কৃষি বিভাগৰ ৰাষ্ট্ৰীয় ভোজ্য তেল-তৈল বীজ অভিযান আঁচনিৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ নিৰ্বাচনী কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ বাবে মিনি অইল মিলত অনুমোদন জনোৱা হয়। আজিৰ এই সভাত ডিব্ৰুগড় জিলা কৃষি বিষয়া, টিংখং আৰু খোৱাং সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি, ন’ডেল বিষয়া, বিভাগীয় অভিযন্তা আৰু কাৰিকৰী সহায়কসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।