February 15, 2025 11:38 AM | dibrugarh kanoi college

printer

ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয় আৰু স্পীয়েৰৰ উদ্যোগত অহা ১৮-১৯ ফেব্ৰুৱাৰীত শৈক্ষিক মেলা

ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয় আৰু স্পীয়েৰৰ উদ্যোগত অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে শৈক্ষিক মেলাৰ আয়োজন কৰা হৈছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুৰাগীৰ বাবে উল্লেখযোগ্য হিচাপে আয়োজিত এই মেলাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ একত্ৰিত হ’ব। শৈক্ষিক মেলা ২০২৫ৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন শৈক্ষিক আৰু কেৰিয়াৰৰ সুযোগসমূহ অন্বেষণৰ এখন মঞ্চ প্ৰদান কৰা। মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু পেচাদাৰী প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰি বিভিন্ন পাঠ্যক্ৰম, বৃত্তি আৰু কেৰিয়াৰৰ সম্ভাৱনাৰ বিষয়ে তথ্য আগবঢ়াব। এই শৈক্ষিক মেলাই অংশগ্ৰহণকাৰীসকলক বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰতিনিধিৰ সৈতে মত বিনিময়, তথ্য সংগ্ৰহ আৰু উচ্চ শিক্ষাৰ প্রতিষ্ঠান নিৰ্বাচন কৰাৰ সুন্দৰ সুযোগ প্ৰদান কৰিব। কেৰিয়াৰ কাউন্সিলিং, নামভৰ্তিৰ পদ্ধতি আৰু দক্ষতা বিকাশৰ বিষয়ে হ’বলগীয়া অধিৱেশনসমূহো মেলাৰ মূল আকৰ্ষণ হ’ব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।