ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ডিব্ৰুগড় জিলা প্রশাসনৰ পর্যালোচনা বৈঠক

চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ডিব্ৰুগড় জিলা প্রশাসনে আজি জিলা আয়ুক্তৰ উপস্থিতিত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত জিলাখনৰ আটাইকেইখন চৰকাৰী, প্রাদেশিকীকৃত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী তথা অধ্যক্ষসকলৰ উপস্থিতিত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত বিতংভাৱে চালি-জাৰি চোৱা হয়। তদুপৰি এই পৰীক্ষাত ১০০ শতাংশ ছাত্র-ছাত্রী উত্তীৰ্ণ হোৱা ২১খন বিদ্যালয়ক প্রশংসা পত্ৰ প্ৰদান কৰা লগতে ৯০ শতাংশৰ অধিক উত্তীর্ণ ছাত্র-ছাত্রী থকা ৩১খন বিদ্যালয়কো প্রশংসা পত্র প্রদান কৰা হয়। আনহাতে, উন্নত ফলাফল দেখুৱাবলৈ সমৰ্থ হোৱা অন্য বিদ্যালয়সমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও এই বৈঠকত বুজ লোৱা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।