ডাউনলোড
মোবাইল এপ

android apple
signal

August 20, 2025 12:13 PM | dibrugarh erosion

printer

ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া

ব্ৰহ্মপুত্ৰৰ খহনীয়াই ডিব্ৰুগড়লৈ ভাবুকি কঢ়িয়াই আনিছে। ডিব্ৰুগড়ৰ মাইজান ঠাকুৰবাৰী ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত পৰিছে। বিগত এসপ্তাহত ব্ৰহ্মপুত্ৰৰ খৰস্ৰোতা সোঁতে ৮০ মিটাৰ অৱশিষ্ট ভূমিৰ লগতে অঞ্চলটোৰ বহুকেইটা ঘৰ উটুৱাই নিয়ে। খহনীয়াৰ বাবে ঠাকুৰবাৰীৰ নৈপৰীয়া ৰাইজে সেই অঞ্চল ত্যাগ কৰি অন্য স্থানত আশ্রয় লৈছে। ব্ৰহ্মপুত্ৰৰ এই খহনীয়াই ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। এই সুৰক্ষা বান্ধ বিচ্ছিন্ন হ’লে নগৰখনত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বানৰ সৃষ্টি কৰিব। ইয়াৰ কাষতেই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়কে ধৰি অসম চিকিৎসা মহাবিদ্যালয় চৌহদৰ লগতে ডিব্ৰুগড় বিমানবন্দৰ আছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াই এতিয়া এই অঞ্চললৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। জলসম্পদ বিভাগে দিনে-নিশাই খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। বিভাগটোৱে খহনীয়াগ্ৰস্ত অঞ্চলত জিঅ’ বেগ আৰু পাৰ্কুপাইন ব্যৱস্থাৰে খহনীয়া ৰোধৰ চেষ্টা চলাইছে যদিও ব্ৰহ্মপুত্ৰৰ সোঁতে এই জিঅ’বেগসমূহ উটুৱাই নিছে। বিগত কিছুদিন ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নেৰা-নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে। ফলত ডিব্ৰুগড় চহৰৰ উপৰি উজনি অসমৰ ভিন্ন প্ৰান্তত খহনীয়াৰ লগতে বান সমস্যাই দেখা দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।