ডাউনলোড
মোবাইল এপ

android apple
signal

ডিব্ৰুগড়-নতুন দিল্লীৰ মাজত চলাচল কৰা 12423, 12424 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ পুনৰ ডিফু ষ্টেচনত ৰখোৱাৰ সিদ্ধান্ত

ৰে’ল মন্ত্ৰালয়ে ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা 12423, 12424 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ পুনৰ ডিফু ষ্টেচনত ৰখোৱাৰ সিদ্ধান্ত লৈছে। ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰ সিং টিছ’ৱে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক কৰা অনুৰোধমৰ্মে ৰে’ল বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে পূর্বতে এই ৰাজধানী এক্সপ্ৰেছখন ডিফু ষ্টেচনত ৰখোৱাৰ ব্যৱস্থা আছিল যদিও কাৰিকৰী কাৰণত এই ৰে’লগাড়ীখন ডিফু ষ্টেচনত ৰখোৱাটো প্ৰত্যাহাৰ কৰা হৈছিল। অহা কেইদিনমানৰ ভিতৰতে এই সিদ্ধান্ত কার্যকৰী হ’ব বুলি ৰে’ল বিভাগৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক