ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভা

সম্ভাব্য বানৰ সময়ছোৱাৰ বাবে ল’বলগীয়া আগতীয়া প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ বাবে কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত প্ৰাধিকৰণৰ ফালৰ পৰা চলাই থকা প্ৰস্তুতি সন্দৰ্ভত সচিত্র উপস্থাপন কৰা হয়। এই সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগক বান ক্ষতিগ্ৰস্তক সহায়ৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত যাৱতীয় ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়। একেদৰে শিক্ষা বিভাগক সম্ভাব্য বানৰ কবলত পৰিব পৰা বিদ্যালয়সমূহ পৰিদৰ্শন কৰি এনে বিদ্যালয়ৰ সঠিক তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এই সভাত জলসম্পদ, পশুপালন, সমাজকল্যাণকে ধৰি বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলক বানৰ বাবে সাজু হ’বলৈ পৰামৰ্শ দিয়া হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।