ডাউনলোড
মোবাইল এপ

android apple
signal

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পর্যালোচনাৰে মন্ত্ৰী অশোক সিংহলৰ বৈঠক

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি ডিব্ৰুগড়ত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্রীগৰাকীয়ে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ কাম-কাজ সবিস্তাৰে পৰ্যালোচনা কৰে। এই পর্যালোচনা বৈঠকত জিলাকেইখনৰ আয়ুক্তসকলৰ উপৰি স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্রী শ্রীসিংহলে জিলাকেইখনৰ সকলো স্বাস্থ্যসূচক আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ বুজ লোৱাৰ লগতে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিৰ বুজ লয়। বৈঠকত মূলতঃ প্রসূতিৰ মৃত্যুৰ অনুপাত, নৱজাতকৰ মৃত্যুৰ হাৰ, ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কার্যক্রম আৰু ৩০ বছৰ ঊৰ্ধ্বৰ লোকৰ অসংক্ৰামক ৰোগৰ পৰীক্ষণৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সকলো নাগৰিকৰ বাবে গুণগত, সুলভ আৰু সময় উপযোগী চিকিৎসা তথা সামগ্রিক সুস্থতা সুনিশ্চিত কৰাৰ বাবে বিষয়াসকলক নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ মজুৰিৰ ক্ষতিপূৰণ আঁচনিৰ নিখুঁত ৰূপায়ণত বিশেষ গুৰুত্ব আৰোপ কৰি এইক্ষেত্ৰত জিলা আয়ুক্তসকলক প্ৰত্যক্ষভাৱে বিষয়টো নিৰীক্ষণ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক