ডিব্ৰুগড়ত দুদিনীয়া ভ্রমণসূচীৰে উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কিছুসময় পূৰ্বে ডিব্ৰুগড়ৰ জেইল ৰোডত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অন্তৰ্গত চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। বিশ্ব বেংকৰ সাহায্য প্রাপ্ত এছিষ্ট প্ৰকল্পৰ অধীনত ২০৬ কোটি টকা ব্যয় সাপেক্ষে ২৮ হাজাৰ ৮৪৪ বৰ্গ মিটাৰ এলেকাজুৰি এই হাস্পতালখন নিৰ্মাণ কৰা হ‘ব। এই উপলক্ষে ডিব্ৰুগড়ৰ ফুল বাগানৰ পুৰণি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, চিকিৎসা, শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাইও অংশ লৈছে। নতুনকৈ নিৰ্মাণ হ‘বলগীয়া ছটা মহলাযুক্ত এই হাস্পতাল ভৱনত মাল্টি স্পেছিয়েলিটি আৰু অন্যান্য অত্যাধুনিক সুবিধাসমূহ উপলব্ধ হ‘ব।
ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীয়ে ধেমাজীৰ চিচিবৰ গাওঁ বিধানসভা সমষ্টিৰ উন্নয়ন সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশ লয়। এই বৈঠকত বান নিয়ন্ত্রণ, পথ যোগাযোগ, আৰু পানী যোগান ব্যৱস্থাৰ উন্নয়নৰ উপৰি সাংস্কৃতিক আৰু ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ন, প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীনৰ অধীনত গৃহ নির্মাণকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে তেওঁৰ দুদিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ সময়ত ডিব্ৰুগড়ৰ সচিবালয়ত মাজুলী, মাহমৰাকে ধৰি কেইবাটাও বিধানসভা সমষ্টিৰ উন্নয়নমূলক কামকাজৰ পৰ্যালোচনা কৰিব। ড° শৰ্মাই কাইলৈ দিহিং খামতিঘাটতো এখন ৰাজহুৱা সভাত ভাগ ল‘ব ।