ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ ডিব্ৰুগড় জিলা পৰ্যায়ৰ ৰূপায়ণ সমিতিৰ বৈঠক

মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ ডিব্ৰুগড় জিলা পৰ্যায়ৰ ৰূপায়ণ সমিতিৰ এখন বৈঠক কালি জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিচাসমূহৰ পৰা এই আঁচনিৰ বাবে লাভ কৰা হিতাধিকাৰীৰ তালিকা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। যিসমূহ চাহ বাগিচাই বৰ্তমানলৈ হিতাধিকাৰীৰ তালিকা আৰু প্ৰপত্ৰ সংশ্লিষ্ট বিভাগক জমা দিয়া নাই সেইসমূহ বাগিচাৰ কৰ্তৃপক্ষক সোনকালেই প্রপত্রসমূহ সংশ্লিষ্ট বিভাগক জমা দিবলৈ জিলা আয়ুক্তই নির্দেশ দিয়ে। বৈঠকত হিতাধিকাৰীৰ নাম প্ৰপত্ৰ প’ৰ্টেলত আপলোড আৰু ডিজিটাইজেচন কৰাৰ সময়ত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভতো বিশেষ আলোচনা কৰা হয়। ডিব্ৰুগড়ৰ অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱা, সহকাৰী আয়ুক্তদ্বয় পূজা বৰা, সুভী শ্রীবাস্তৱা, ডিব্ৰুগড় পূব ৰাজহ চক্ৰ চক্রবিষয়া সতীশ প্রসাদ, বেংকসমূহৰ মুখ্য জিলা প্ৰৱন্ধক সন্তোষ কুমাৰ সিং প্ৰমুখ্যে সমিতিৰ ভালেসংখ্যক সদস্য উপস্থিত থাকে। উল্লেখযোগ্য মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ অধীনত চৰকাৰে চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিকৰ লগতে বাগিচাৰ কৰ্মচাৰীসকলৰ বাবে ৫ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ লক্ষ্য লৈছে।