June 3, 2025 1:39 PM | diburaghar

printer

ডিব্ৰুগড় জিলাৰ বিধানসভা সমষ্টি আৰু ৰাজহ চক্ৰৰ অধীনৰ ৬৬ খন গাঁও বৰ্তমানলৈকে বানত প্লাবিত

ডিব্ৰুগড় জিলাৰ বিধানসভা সমষ্টি আৰু ৰাজহ চক্ৰৰ অধীনৰ মৰাণ, ডিব্ৰুগড় পূব, তিংখং, নাহৰকটীয়া, টেঙাখাট আৰু ডিব্ৰুগড় পশ্চিমৰ প্ৰায় ৬৬ খন গাঁও বৰ্তমানলৈকে প্লাবিত হৈছে। ইয়াৰ ফলত ২০ হাজাৰ ১৭৯ জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় এহেজাৰ ৬০২ দশমিক ৭-৮ হেক্টৰ শস্যভূমিৰ ক্ষতি হৈছে। ডিব্ৰুগড় জিলা প্রশাসনে বানাক্ৰান্ত অঞ্চলত সাহায্য প্ৰদান কৰাৰ লগতে জিলাখনত ১৫ টাতকৈ অধিক আশ্রয় শিবিৰ স্থাপন কৰিছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।