ডিব্ৰুগড় জিলা দুলীয়াজান সাহিত্য সভাই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সদৌ অসম ভিত্তিত আয়োজন কৰা প্ৰৱন্ধ প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে। প্রতিযোগিতাৰ ক শাখাত ড° ভূপেন হাজৰিকাৰ গীতত উত্তৰ-পূৰ্বাঞ্চলৰ সমাজ শীর্ষক বিষয়ত কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী নিয়ৰ নিৰিবিলি বৰাই প্রথম স্থান লাভকৰিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ স্নাতক চতুর্থ ষান্মাধিকৰ ছাত্ৰ প্রিতম কুমাৰ শৰ্মাই দ্বিতীয় আৰু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ দেৱকান্ত বৰুৱাই তৃতীয় স্থান লাভ কৰে। খ শাখাত ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিত মানবতাবোধ শীর্ষক বিষয়ত গোলাঘাট হামদৈ পথাৰৰ পলাশ বৰুৱাই প্ৰথম, মৰিগাঁও বঘৰা সোণাৰি গাঁৱৰ কৃষ্ণ হাজৰিকাই দ্বিতীয় আৰু দুলীয়াজান ঊষাপুৰৰ অমি বৰাই তৃতীয় স্থান লাভ কৰিছে। অহা ২৪ জানুৱাৰীত দুলীয়াজান বিহুতলীত হ‘বলগীয়া সপ্তদশ দুলীয়াজান গ্রন্থমেলাত পুৰস্কাৰসমূহ বিতৰণ কৰা হ‘ব।
Site Admin | January 12, 2026 12:48 PM | Dibrugarh
ডিব্ৰুগড় জিলা দুলীয়াজান সাহিত্য সভাই সদৌ অসম ভিত্তিত আয়োজন কৰা প্ৰৱন্ধ প্রতিযোগিতাৰ ফলাফল ঘোষণা