December 11, 2025 12:19 PM | Dibrugarh

printer

প্রতিৰক্ষা মন্ত্রালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত বিজয় দিৱস পালন

প্রতিৰক্ষা মন্ত্রালয়ৰ উদ্যোগত ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত কালি আয়োজিত বিজয় দিৱসৰ কার্যসূচীত বায়ু সেনা বাহিনীৰ মুৰববী এয়াৰ ছীফ মার্হেল অমৰপ্রীত সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বায়ু সেনা বাহিনীৰ মুৰববীগৰাকীয়ে এই আয়োজনক অত্যন্ত গুৰুত্বপূর্ণ বুলি অভিহিত কৰি কয়, যে এই দিৱসে ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰতীয় সেনা-জোৱানসকলৰ পৰাক্ৰম আৰু ত্যাগৰ প্রতি দেশবাসীয়ে জনোৱা শ্রদ্ধাক প্রতিফলিত কৰে।

তেওঁ কয়, যে অপাৰেছন সিন্দুৰ এতিয়াও অব্যাহত আছে আৰু ভাৰতীয় বায়ু সেনা বাহিনী যিকোনো বহিঃ শত্রুৰ আক্রমণ প্রতিৰোধ কৰিবলৈ সম্পূর্ণৰূপে সাজু। কালি এই অনুষ্ঠানত এয়াৰ শ্ব প্রদর্শন কৰা হয়। এয়াৰ শ্বত ছুখয়, এন্তন’ভ, এন 32 পৰিবহণ বিমান, চিনুক, হেভিলীড হেলিকপ্তাৰ আৰু মীগ ১৭ হেলিকপ্তাৰে উৰণ কৌশল প্রদর্শন কৰে। ১৯৭১ চনৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়ৰ চিনস্বৰূপে বায়ু সেনা বাহিনীৰ ইষ্টার্ণ কমাণ্ডাৰ মুখ্য কার্যালয়ে আয়োজন কৰা এই দিৱসৰ অনুষ্ঠানত প্রাক্তন সৈনিক, স্কুলীয়া শিক্ষার্থী আৰু ভালেসংখ্যক অসামৰিক লোকে অংশগ্রহণ কৰে।