September 3, 2025 7:17 PM | Dibrugarh

printer

চাবুৱাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্রী অচিন ৰোগত আক্রান্ত

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্রী অচিন ৰোগত আক্রান্ত হৈছে। বিদ্যালয়খনৰ প্ৰায় ৬০ গৰাকী চাবুৱাৰ মডেল হাস্পতালত চিকিৎসাধীন হৈ আছে। বিগত দুদিনৰ ভিতৰত কেইবাগৰাকীও ছাত্ৰীৰ দেহত জ্বৰ, গাৰ বিষ আৰু বমিৰ লক্ষণে দেখা দিছিল। ছাত্ৰীসকলৰ ৰোগৰ কাৰণ বিচাৰি বিদ্যালয়ত খাদ্য পৰিদৰ্শক আৰু চিকিৎসকৰ দল উপস্থিত হৈছে। স্বাস্থ্য বিভাগক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ বিদ্যালয় কর্তৃপক্ষই আহ্বান জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।