ডিব্ৰুগড় জিলা প্ৰশাসনৰ মহিলা সবলীকৰণ কেন্দ্ৰই অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত নাহৰতলী চাহ বাগিছা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্য সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত কৰে। সভাখনত অসম চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ চিকিৎসক ডাঃ প্ৰয়াসী কাশ্যপ আৰু গৱেষক কিৰণ ৰাজকুমাৰী সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ বিকাশ আৰু এই ক্ষেত্ৰত ল’ব লগা সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ ভূমিকা সন্দৰ্ভত সমল ব্যক্তি দুগৰাকীয়ে সাৰুৱা বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটোত বিদ্যালয়খনৰ শিক্ষকসকলৰ লগতে জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।
Site Admin | September 2, 2025 7:06 PM | Dibrugarh
ডিব্ৰুগড়ত কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্য সম্পৰ্কত সজাগতা সভা অনুষ্ঠিত
