ডাউনলোড
মোবাইল এপ

android apple
signal

July 30, 2025 8:45 PM | Dibrugarh

printer

অসম বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্র- ছাত্রীসকলৰ প্রতিবাদ সাব্যস্ত

অসম বিশ্ববিদ্যালয়ত স্নাতক, স্নাতকোত্তৰ আৰু সংহত পাঠ্যক্ৰমৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্র- ছাত্রীসকলে প্রতিবাদ সাব্যস্ত কৰিছে। আজি পুৱাৰে পৰা বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত ছাত্র সংগঠন, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিশ্ববিদ্যালয়ৰ শাখাৰ লগতে বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আন্দোলনৰত ছাত্র-ছাত্রীসকলে কয়, যে বিভিন্ন পাঠ্যক্ৰমত কৰ্তৃপক্ষই এইবছৰ ৫০ শতাংশ মাচুল বৃদ্ধি কৰিছে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন হৈছে।

 

অধিক পঢ়ক

সকলো চাওক