July 30, 2025 8:43 PM | Dibrugarh

printer

ডিব্ৰুগড়ত বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি সজাগতামূলক কাৰ্যসূচীৰ আয়োজন

অসম গ্ৰামোন্নয়ন কেন্দ্ৰৰ উদ্যোগত আজি ডিব্ৰুগড়ত বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি এটা সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’লৱে ষ্টেচনত অনুষ্ঠিত কাৰ্যসূচীত ৰেল বিভাগৰ সুৰক্ষা বাহিনী, ৰে’লৱে পৰিসৰত চাহ বিক্রেতা, সহযোগী যান-বাহন পৰিচালক আৰু যাত্ৰীসকলক শিশু সৰবৰাহৰ ভয়াৱহতা সম্পর্কে জানিবলৈ দিয়া হয়। উপস্থিত লোকসকলক শিশু সৰবৰাহ চিনাক্তকৰণ, সৰবৰাহ ৰোধৰ বিভিন্ন উপায় সম্পৰ্কে জানিবলৈ দিয়াৰ লগতে এই সন্দৰ্ভত জৰুৰীকালীনভাৱে যোগাযোগ কৰিব পৰাকৈ ১০৯৮ আৰু ১৮০–১০২-২২২২ নম্বৰ সম্পৰ্কে অৱগত কৰা হয়।