ডিব্ৰুগড় জিলা কৃষি বিভাগৰ মাটি স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত আজি কৃষকসকলক মাটিৰ স্বাস্থ্য পৰীক্ষা কার্ড বিতৰণ কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত অনুষ্ঠিত কার্ড বিতৰণী সভাত আয়ুক্তগৰাকীয়ে মাটি পৰীক্ষা, গুণগত নিয়ন্ত্ৰণ আৰু পৰীক্ষাগাৰৰ অধীনত হৈ থকা কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে অক্টোপাচ নামৰ মাটি পৰীক্ষা কৰা এটা বেচৰকাৰী পৰীক্ষাগাৰো পৰিদৰ্শন কৰে। অনুষ্ঠানত জিলাখনৰ সহকাৰী আয়ুক্ত, নির্বাচনী বিষয়া, কৃষি বিষয়া আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগতে যথেষ্ট সংখ্যক কৃষক ৰাইজ উপস্থিত থাকে।
Site Admin | July 11, 2025 7:41 PM | Dibrugarh
ডিব্ৰুগড় জিলা কৃষি বিভাগৰ মাটি স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কার্ড বিতৰণ
 
		 
									 
									 
									 
									 
									