ডিব্ৰুগড় জিলাত তৃতীয় পৰ্যায়ৰ অৰুনোদয় আঁচনিৰ সফল ৰূপায়ন নিশ্চিত কৰাৰ বাবে ৰাজ্যৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত আজি জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে প্ৰত্যেক জিলাতে একোখনকৈ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি গঠন কৰা হৈছে। আজিৰ সভাত ডিব্ৰুগড় জিলাত তৃতীয় পৰ্যায়ৰ হিতাধিকাৰীৰ তালিকা সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মহন আৰু লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা ভিডিঅ‘ কনফাৰেন্সযোগে এই বৈঠকত অংশগ্ৰহণ কৰে ।
ইপিনে, মন্ত্রী প্রশান্ত ফুকন, দুলীয়াজানৰ বিধায়ক তেৰশ গোৱালা আৰু ডিব্ৰুগড় জিলা আয়ুক্ত বিক্রম কৈৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি-গ্রামীনৰ বাবে ডিব্ৰুগড় জিলাত আত্মসহায়ক গোটৰ মহিলা সদস্যসকলৰ পৰা লাভকৰা আবেদনসমূহৰ চূড়ান্ত পৰীক্ষণৰ পাছত অনুমোদন জনোৱা হয়। অনুমোদিত সদস্যসকলক আঁচনিযোগে ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলদন প্ৰদানৰ ব্যৱস্থা কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে।
 
									 
		 
									 
									 
									 
									