June 21, 2025 7:12 PM | Dibrugarh

printer

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে ড° জিতেন হাজৰিকাৰ দায়িত্বভাৰ গ্ৰহণ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই আজি শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। এই দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ, পৰীক্ষা নিয়ন্ত্ৰক ইৰিঞ্জিত হাজৰিকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী উপাচাৰ্য ড° জয়প্ৰকাশ বাৰ্মাৰ কাৰ্যকাল শেষ হোৱাত ড° হাজৰিকাক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব দিয়া হৈছে।