ধুবুৰীৰ জৱাহৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য পৰীক্ষা শিবিৰ

আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত ধুবুৰীৰ জৱাহৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত ১৮ বছৰ বয়সৰ তলৰ সকলো ল’ৰা-ছোৱালীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। বিভিন্ন কাৰণত দিব্যাংগ শিশুসকলক, এই স্বাস্থ্য শিবিৰতে বিশেষভাৱে চিনাক্ত কৰি ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ যোগেদি সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। স্বাস্থ্য শিবিৰটোত বিদ্যালয়ৰ মুঠ ৩৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজন অনুসৰি বিনামূলীয়া চিকিৎসা তথা ঔষধ বিতৰণ কৰা হয়।