December 16, 2025 7:45 PM | Dhuburi

printer

ধুবুৰীত সুৰক্ষিত শৈশৱ সোণালী অসম শীর্ষক ৯০ দিনীয়া শিশু সুৰক্ষা অভিযানৰ উদ্বোধন

ধুবুৰীত আজি জিলা শিশু সুৰক্ষা গোট, মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত সুৰক্ষিত শৈশৱ সোণালী অসম শীর্ষক ৯০ দিনীয়া শিশু সুৰক্ষা অভিযানৰ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা শিশু সুৰক্ষা গোট আৰু ধুবুৰী জিলা প্রশাসনৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত শিশুৰ অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভত ৰাইজৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। এই কার্যসূচীত উপস্থিত থকা অধিবক্তাসকলে শিশু সুৰক্ষা আৰু শিশু অধিকাৰৰ বিভিন্ন আইন, পকচআইন, শিশু নির্যাতন, বাল্য বিবাহ, শিশু শ্রমিক আদি সন্দর্ভত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্রযোজ্য বিভিন্ন আইনৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। লখিমপুৰতো আজি সুৰক্ষিত শৈশৱ, সোণালী অসম কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্রশাসন তথা ৰাজ্যিক শিশু সুৰক্ষা সমিতি, অসমৰ সহযোগত জিলাখনৰ আৱৰ্ত ভবনত এই কার্যসূচী অনুষ্ঠিত হয়। কার্যসূচীত উপস্থিত থকা লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাই বর্তমান সময়ত শিশু সুৰক্ষা এক গুৰুত্বপূর্ণ বিষয় বুলি উল্লেখ কৰে। কোকৰাঝাৰতো ৯০ দিনীয়া এই শিশু সুৰক্ষা অভিযান কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়। কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যসূচীত শিশু সুৰক্ষাৰ সৈতে জড়িত ভালেসংখ্যক লোকে অংশগ্রহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।